shabd-logo

ভাৰতীয় স্বাধীনতা আন্দোলনত মুছলমানৰ ভূমিকা

14 November 2022

204 Viewed 204

আৰম্ভণিঃ

         ভাৰতক এখন গণতান্ত্ৰিক, গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ আঁ‌ৰতে আছে হাজাৰ ভাৰতীয়ৰ ত্যাগ আৰু আত্ম বলিদান। ভাৰতীয় স্বাধীনতা আন্দোলন কোনো নিদিষ্ট দল নাইবা জাতিৰ আন্দোলনৰ ফচল নহয়। ভাৰতৰ স্বাধীনতাৰ লগত জড়িত হৈ আছে হাজাৰ হাজাৰ ভিন্ন জনগোষ্ঠীয় লোকৰ কেঁ‌চা তেজৰ মূল্য। ইতিহাসৰ পাত লুটিয়াই চালে আজিও স্পষ্ট হৈ পৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ভাৰতীয়ৰ সাহস, উদ্যম আৰু দেশপ্ৰেমৰ জীৱন্ত প্ৰতিচ্ছবি। সকলো ধৰ্মীয় লোকৰ দৰেই ভাৰতৰ এই স্বৰাজৰ সংগ্ৰামত মুছলমান সকলে অতি বীৰত্বৰে যুঁজ দি স্বদেশ প্ৰেমৰ পৰিচয় দিছিল যি আমাৰ বাবে চিৰ স্মৰণীয় হৈ ৰ'ব।


স্বাধীনতা আন্দোলনত মুছলমানৰ ভূমিকাঃ


         ইতিহাসৰ পাত লুটিয়াই চালে আজিও আমাৰ চকুত ভাঁ‌হি উঠে ভাৰতৰ স্বৰাজ সংগ্ৰামত মুছলমান সকলে দেখুওৱা উদ্যম, ত্যাগ আৰু আত্মবলিদানৰ জীৱন্ত স্বৰূপ। ভাৰতৰ স্বাধীনতা সংগ্ৰামী আতাউল্লা বুখাৰী, মৌলানা হুছেইন আহমেদ, মৌলনা মাহমুদ হাচান, মৌলানা গোলাম হুছেইনৰ নাম আমি হয়তো খুব কম সংখ্যকেহে জানো। কিন্তু এখেত সকলে দেশৰ স্বাধীনতাত যি অৱদান আগবঢ়াইছিল সেইয়া অতুলনীয়। 

        বিখ্যাত লেখক মিঃ খুশওয়ান্ত সিঙে কৈছিল," Indian freedom is written on Muslim's blood". ভাৰতীয় স্বাধীনতা আন্দোলনত মুছলমানৰ অংশগ্ৰহণৰ শতকৰা বহু গুণে বেছি আছিল। ৯৫৩০০ জন স্বাধীনতা সংগ্ৰামী, যিসকলৰ নাম দিল্লীৰ ইণ্ডিয়া গেটত লিপিবব্ধ আছে সেই সকলৰ ভিতৰত প্ৰায় ৬৫% অৰ্থাৎ ৬১৯৪৫ জনেই আছিল মুছলমান সম্প্ৰদায়ৰ।

          হাইদৰাবাদৰ প্ৰথম স্বাধীনতা সংগ্ৰামী আছিল হায়দৰ আলি আৰু তেওঁৰ পুত্ৰ টিপু চুলতান যিয়ে ১৭৮০ খ্ৰীষ্টাব্দৰ পৰা ১৭৯০ খ্ৰীষ্টাব্দ লৈকে ব্ৰিটিছ বিৰুদ্ধে আন্দোলন কৰি গৈছিল। টিপু চুলতানে লোৰে গঠিত মেচোৰিয়ান ৰকেট প্ৰথমে ব্যৱহাৰ কৰিছিল। তেতিয়া এনে ধৰণৰ ৰকেট ভাৰতৰ ক’তো দেখা পোৱা যোৱা নাছিল।


        ঝাঁসিৰ ৰাণী লক্ষ্মীবাইৰ সংগ্ৰামৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী মুছলিম মহিলা বেগম হজৰত মহলৰ কথা হয়তো বহুতেই নাজানো। ১৮৫৭ চনৰ ৩০ জুন চিন হাটৰ যুদ্ধত তেঁও ব্ৰিটিছ শাসক ছাৰ হেনৰি লৰেন্সক গুলি কৰি  ব্ৰিটিছ সেনাক পৰাজিত কৰিছিল।

           সৰ্বভাৰতীয় নেতা আহমদুল্লাহ! তৎকালীন সময়ত ৫০ হাজাৰ টকা তেওঁৰ মূৰৰ দাম দিছিল ব্ৰিটিছ চৰকাৰে । উপহাৰৰ বাবে জমিদাৰ জগন্নাথে প্ৰতাৰণা কৰি বিষ খোৱাই তেখেতক হত্যা কৰিছিল।

          মৌলানা আবুল কালাম আজাদ এজন ভাৰতীয় পণ্ডিত আছিল যি ভাৰতীয় স্বাধীনতা আন্দোলনৰ জাতীয় কংগ্ৰেছৰ চিনিয়ৰ মুছলিম নেতা আছিল। যাৰ অবিহনে গান্ধী, নেহেৰু চলিব পৰা নাছিল। 

       মৌলানা মহাম্ম আলি আৰু চাওকত আলি, যিয়ে 'কমৰেড' আৰু 'হামদৰ্দ' নামৰ দুখনি ইংৰাজ বিৰুদ্ধি পত্ৰিকাৰ সম্পাদনা কৰিছিল। 

         সংগঠক মৌলবী নেতা আহমদুল্লাহ শ্বাহ আছিল প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ ভিতৰত এজন। ব্ৰিটিছ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে প্ৰথমে আশফাকুল খানক ফাঁচি দিয়া হয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৭ বছৰ। খাজা আবুল মজীদ ইংলেণ্ডৰ পৰা ব্যাৰিষ্টাৰ পাছ কৰি এজন বিখ্যাত কংগ্ৰেছ নেতা হিচাপে কাম কৰে। ছাইফুদ্দিন কিচুল, বিপ্লৱী মীৰ কাচিম, টিপু চুলতান, মজনু শ্বা, ইউচুফ আদি ব্ৰিটিছৰ বুলেটৰ আঘাতত নিশ্চিহ্ন হৈ গ’ল।

       বিদ্ৰোহী গোলাম ৰাব্বানী, সৰ্দাব হায়দৰ, মৌলানা আক্ৰম খাঁ ইহঁতৰ তেজ আৰু নিৰ্মম মৃত্যু ভাৰতৰ স্বাধীনতাৰ এক ফচিল। কিংসফোৰ্ডক হত্যা কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল ক্ষুদিৰাম আমি সকলোৱে জানো । কিন্তু সেই কাৰ্য সফল কৰিছিল শ্বেখ খাঁ আলিয়ে। 

            ভাৰত ত্যাগ আন্দোলনৰ বীৰ আব্দুচ চুকুৰ আৰু আব্দুল্লা মীৰৰ অৱদান ইতিহাসে পাহৰি যোৱা যেন পৰিলক্ষিত হয়। যিকি নহওঁ ভাৰতৰ স্বাধীনতাত মুছলমানৰ অৱদান কোনেও নুই কৰিব নোৱাৰে।


সামৰণিঃ


         ভাৰতৰ স্বাধীনতা আন্দোলন এদিন-দুদিনৰ ফচল নহয়। হাজাৰ জন ভাৰতীয়ৰ গৰম তেজেৰে ধোৱা ইতিহাস আমি কেতিয়াও পাহৰিব নোৱাৰা। ভাৰতৰ এই স্বৰাজ আন্দোলনত মুছলমান সকলে যি অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল সেইয়া আমি নতশিৰে স্বীকাৰ কৰিব লাগিব। ধৰ্ম নিৰপেক্ষ দেশ ভাৰতবৰ্ষত সকলোৱে একতাৰ বান্ধোনেৰে বান্ধ খাই আমি ভৱিষ্যতৰ দিশে আগুৱাই যাৱ লাগিব। এইয়া আমাৰ সকলোৰে কাম্য।

More Books by Bibhashjyoti Borah